ৰাজ্যৰ কৃষি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ প্ৰসাৰিত হৈছে এক নতুন সম্ভাৱনা। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী অধ্যাপক দীপজ্যোতি ৰাজখোৱাক অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই নিযুক্তি প্ৰদান কৰাৰ পাছতেই শুকুৰবাৰে ডঃ ৰাজখোৱাই বিশ্ববিদ্যালয়খনৰ চতুৰ্দশ সংখ্যক উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
শিক্ষকতা, গৱেষণা আৰু প্ৰশাসনিক দিশত ৩৫ বছৰীয়া সুদীৰ্ঘ অভিজ্ঞতাৰে পুষ্ট ডঃ ৰাজখোৱাই এই বিশ্ববিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ হিচাপে ইয়াৰ পৰাই স্নাতকৰ পৰা পিএইচডি পৰ্যন্ত শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মেঘালয় আৰু নাগালেণ্ড কেন্দ্ৰত যুটীয়া সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি খণ্ডলৈ বিশেষ অৱদান আগবঢ়াইছে।
নতুন উপাচাৰ্যগৰাকীৰ শৈক্ষিক অৱদানৰ প্ৰসংগত জানিব পৰা মতে, তেওঁ ইতিমধ্যে ১৯৬ খন গৱেষণা পত্ৰ আৰু ১৭ খনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁৰ নেতৃত্বত ৩ টা জলবায়ু স্থিতিস্থাপক ধানৰ জাত আৰু ৪ টা সংহত কৃষি ব্যৱস্থাৰ আৰ্হি বিকশিত হৈছে। ইয়াৰ উপৰিও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ভাৰ্মিকম্পোষ্টিং প্ৰযুক্তি জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
উল্লেখনীয় যে, ডঃ ৰাজখোৱাই ইণ্ডিয়ান ছ’চাইটি অৱ এগ্ৰ’নমিৰ স্বৰ্ণ পদককে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও নাগালেণ্ডত ৪ টাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰ প্ৰশাসনিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ডঃ ৰাজখোৱাৰ এই নিযুক্তিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভৱিষ্যত যাত্ৰাক অধিক গতিশীল কৰি তুলিব বুলি আশা কৰা হৈছে।
