শিশুৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰতিষ্ঠিত ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস ‘আৰোহণ’ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২০ – ২১ ফ্ৰেব্ৰুৱাৰীত ড° ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ ২০২৫ আৰু ২০ফেব্ৰুৱাৰীত ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান ২০২৪ ৰ আয়োজন কৰা হয়৷ অসমীয়া ভাষা -সাহিত্য-সংস্কৃতি চহকী কৰি যোৱা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনটো আৰোহণৰ উদ্যোগত ২০০৪ চনৰে পৰা প্ৰতিবছৰে শিশুৰ গীত-মাত-চিত্ৰাংকন-নাট্যাভিনয়ৰ বৰ্ণিল কাৰ্যসূচীৰে পালন কৰি অহা হৈছে৷
সেই অনুসাৰে বৃহস্পতিবাৰে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উদ্যাপন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ১০বজাত বশিষ্ঠপুৰস্থিত আৰোহণৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়৷ সন্ধিয়ালৈ ৫:৩০বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতেও ড°ভবেন্দ্ৰ নাথ শইকীয়াৰ সহধৰ্মিনী প্ৰীতি শইকীয়া আৰু অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে৷
জনপ্ৰিয় কণ্ঠশিল্পী ,সংগীত পৰিচালক,সুৰকাৰ ৰূপম ভূঞাক ড°ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা ২০২৪ প্ৰদান কৰা হয়৷এই বঁটাত আছে নগদ ৫০হাজাৰ টকা,গামোচা,মানপত্ৰ,স্মাৰক আৰু কিতাপৰ টোপোলা৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু,বিশিষ্ট অতিথি হিচাপে বিজ্ঞানী, শিক্ষাবিদ ড°কুলেন্দু পাঠক,সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ পৰ্যটন সচিব কুমাৰ পদ্মপাণি বৰা,স্বনামপ্ৰসিদ্ধ সাংস্কৃতিক সংগঠক কৃষ্ণ ৰয় উপস্থিত থাকি অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে৷