শিশু সকলৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰতিষ্ঠিত ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২০,২১,২২ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান আৰু ড° ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহৰ আয়োজন কৰা হৈছে।
সেই অনুসাৰে ২০ ফেব্ৰুৱাৰীৰ পুৱা ১০বজাত আৰোহণ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়৷ বিয়লি ৫: ৩০ বজাত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই বৰ্ষত কবি, গীতিকাৰ, অনুবাদক দিগন্ত শইকীয়াক প্ৰদান কৰা হয় ড°ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা ২০২৩৷এই বঁটাত আছে গামোচা, নগদ ধন,মানপত্ৰ,জাপি আৰু অন্যান্য সামগ্ৰী৷এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত-সচিব বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ আৰু সন্মানীয় অতিথি হিচাপে বিশিষ্ট বিজ্ঞানী ড° কুলেন্দু পাঠক,বিশিষ্ট নাট প্ৰযোজক ,নাট্যসংগঠক কৃষ্ণ ৰয়,অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে আৰোহণৰ শিশুশিক্ষাৰ্থী সকলে মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰি মঞ্চ মুকলি কৰে৷ইন্দ্ৰজিৎ দাসে আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য বাখ্যা কৰে বিশিষ্টা অভিনেত্ৰী মলয়া গোস্বামীয়ে৷ বুধবাৰে সন্ধিয়া ৭ বজাত নাট্য সন্ধিয়াত আৰোহণৰ নিবেদন ড° ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত আৰু ঝুনাংকন ভূঞা পৰিচালিত ‘ভোজ’ নাটকখন মঞ্চস্থ কৰা হয়৷