বুলড’জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত। হোৱাইট হাউছৰ ইষ্ট উইঙত বুলডজাৰ আৰু ক্ৰেনে এফালৰ পৰা ভাঙি নিছে ট্ৰাম্পৰ চৰকাৰী বাসগৃহ। অৱশ্যে এই বুলড’জাৰ চলোৱাৰ সিদ্ধান্ত ট্ৰাম্পে নিজেই।ইয়াৰ আঁৰৰ উদ্দেশ্য হৈছে- হোৱাইট হাউছত ডাঙৰ আৰু আড়ম্বৰপূৰ্ণ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা। ১৯০২ চনত নিৰ্মাণ কৰা ইষ্ট উইংটো ১৯৪২ চনত শেষবাৰৰ বাবে সংস্কাৰ কৰা হৈছিল।এতিয়া বুলডজাৰে ইয়াক ভাঙি পেলাইছে
