স্পেইনৰ কাৰ্লোছ আলকাৰাজে ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচক পৰাস্ত কৰি ইউ এছ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে। শুকুৰবাৰে গভীৰ নিশা আৰ্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখন ২ ঘণ্টা ২৩ মিনিট ধৰি চলিছিল। য’ত আলকাৰাজে জ’কভিচক ৬-৪, ৭-৬ (৪), ৬-২ ত পোনপটীয়া ছেটত পৰাস্ত কৰে। ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন জেনিক ছিনাৰৰ বিৰুদ্ধে খেলিব আলকাৰাজে। আন এখন ছেমি ফাইনেলত ছিনাৰে কানাডাৰ ফেলিক্স অ’জে-এলিয়াছিমক পৰাস্ত কৰে। ৩৮ বছৰীয়া জ’কভিচে এই বছৰ চাৰিওটা গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও প্ৰতিবাৰেই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
তিনিবাৰকৈ তেওঁ আলকাৰাজ বা বিশ্বৰ ১ নম্বৰ জাননিক ছিনাৰৰ হাতত পৰাস্ত হৈছিল। মেচৰ অন্তত জ’কভিচে কয় যে বয়সৰ লগে লগে দীঘলীয়া খেল খেলাটো কঠিন হৈ পৰে আৰু ই হতাশাজনকো। আলকাৰাজে অ’পেন ইৰাত গ্ৰেণ্ড শ্লেম জয় কৰা পঞ্চমজন আৰু ছেট ড্ৰপ নকৰাকৈ ইউ এছ অ’পেন খিতাপ জয় কৰা প্ৰথমজন তাৰকা হোৱাৰ পথত আছে। স্পেনিছ তাৰকাগৰাকীয়ে চলিত বৰ্ষত নিউয়ৰ্কত খেলা ৬খন মেচত এটাও ছেট হেৰুৱা নাই।
আলকাৰাজ আৰু ছিনাৰক প্ৰশংসা কৰি জ’কভিচে কয় যে এই দুয়োজন খেলুৱৈয়ে এই মুহূৰ্তত তেওঁতকৈ ভাল তাৰকা। তেওঁ কয় যে যদি মই কাৰোবাৰ হাতত পৰাস্ত হ’বলগীয়া হয়, তেন্তে মই এই দুজনৰ হাতত পৰাস্ত হোৱাটোৱেই পছন্দ কৰিম। মই জানো এই মুহূৰ্তত তেওঁলোক মোতকৈ ভাল। তেওঁলোকক অভিনন্দন জনাব লাগিব। এই ছিজনত জ’কভিচৰ অভিলেখ হৈছে ৩১টা জয় আৰু ১০টা পৰাজয়।
