পোহৰৰ উৎসৱ দেৱালীত আপোনজনে একত্ৰিত হৈ আনন্দ আৰু উলহ-মালহেৰে উদযাপন কৰে। কিন্তু এই উৎসৱৰ সময়ত প্ৰায়ে শৰ্কৰাযুক্ত খাদ্য, ভজা-মচলাযুক্ত আহাৰ, অধিক কাৰ্ব থকা খাদ্য আদি অতিমাত্ৰা ভোগ কৰা হয়। এই ক্ষেত্ৰত কাঠবাদাম(আলমণ্ড)ৰ দৰে পুষ্টিকৰ বিকল্পসমূহ অন্তৰ্ভুক্ত কৰি স্মাৰ্ট খাদ্য পছন্দ কৰাটো স্বাস্থ্যৰ সৈতে আপোচ নকৰাকৈ উৎসৱ উপভোগ কৰাৰ এক ফলপ্ৰসূ উপায় হ’ব পাৰে। বাদামত প্ৰটিন, কেলচিয়াম, জিংক, আঁহ আৰু মেগনেছিয়ামকে ধৰি ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে, যাৰ ফলত সামগ্ৰিক সুস্থতা প্ৰসাৰিত কৰাত সহায় কৰে। অধিক প্ৰটিন থকাৰ বাবে আলমণ্ডে পেশীৰ বৃদ্ধি আৰু ৰক্ষণাবেক্ষণতো সহায় কৰে।
বিশিষ্ট পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে এই বিষয়ে পৰামৰ্শ প্ৰদান কৰি কয় যে, “দেৱালী হৈছে আনন্দ আৰু উদযাপনৰ সময়, কিন্তু উদযাপনৰ সময়ত মনোযোগেৰে বিকল্প হাতত ৰাখি হেঁপাহৰ ভাৰসাম্য ৰখাও সমানে অত্যাৱশ্যকীয়। ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পৰা শৰ্কৰা যুক্ত আহাৰৰ পৰিৱৰ্তে স্বাস্থ্যকৰ বিকল্প বাছনি কৰক।” চৰ্ম বিশেষজ্ঞ তথা প্ৰসাধন বিশেষজ্ঞা ডাঃ গীতিকা মিট্টলে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “সকলোৱে দেৱালীৰ সময়ত নিজৰ নিজৰৰ সৰ্বশ্ৰেষ্ঠখিনি প্ৰদৰ্শন কৰিব বিচাৰে আৰু উদযাপনৰ বাবে দেখনিয়াৰ পোছাক পৰিধান কৰিব বিচাৰে। যদিও উৎসৱত সুস্বাদু আহাৰ আৰু জলপান খোৱাটো অভিন্ন অংগ, তথাপি অবিবেচক আহাৰ গ্ৰহণৰ ফলত ওজন বৃদ্ধি, ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি আৰু ছালৰ স্বাস্থ্য দুৰ্বল হোৱাৰ দৰে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।”
আপোনাৰ উদযাপনত এমুঠি বাদাম অন্তৰ্ভুক্ত কৰি লওক, যিয়ে আপোনাক এক আনন্দময় উৎসৱ নিশ্চিত কৰিব পাৰে, লগতে আপোনাৰ সুস্বাস্থ্যকো সমৰ্থন জনাব পাৰে।