আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ। একেদৰে আজিৰ এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে কালী পূজা আৰু দীপাৱলীক লৈ প্ৰস্তুতি সম্পন্ন হৈছে।
অৱশ্যে অসমবাসীক এইবাৰ দীপাৱলীৰ সেই পৰিচিত ফটকা ফুটাই কৰা আনন্দ-উল্লাসে চুব পৰা নাই। নিয়মমাফিক পূজা- অৰ্চনাৰে সম্পন্ন হ’ব দীপাৱলী। কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ হৈ আছে ৰাজ্যবাসী।
