ক্ৰীড়া বিশ্বত চমক সৃষ্টি কৰিছে আন এগৰাকী ভাৰতীয়ই। দেশক গৌৰৱান্বিত কৰি ইতিহাস সৃষ্টিৰে মহিলা দবা বিশ্বকাপ ২০২৫ খিতাপ অৰ্জন কৰিছে ভাৰতৰ যুৱ দবা খেলুৱৈ দিব্যা দেশমুখে। মাত্ৰ ১৯ বছৰীয়া দিব্যাই জৰ্জিয়াত অনুষ্ঠিত এই বিশ্বকাপৰ ফাইনেলত ভাৰতৰে কিংবদন্তি খেলুৱৈ কনেৰু হাম্পিক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে।
ইয়াৰ লগে লগে তেওঁ বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা তাৰকা হিচাপে পৰিগণিত হয়। বিগত বৰ্ষত দিব্যাই জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নৰ খিতাপ লাভ কৰিছিল আৰু এতিয়া এই সফলতাৰ দৌৰ অব্যাহত ৰাখি ছিনিয়ৰ পৰায়তো লাভ কৰিছে শ্ৰেষ্ঠত্ব।
যোৱা ৩ সপ্তাহ ধৰি জৰ্জিয়াৰ বাটুমিত আয়োজিত হৈছিল মহিলা দবা বিশ্বকাপ। ইতিপূৰ্বে দিব্যাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। তেওঁৰ পিছতে ভাৰতৰ প্ৰথমগৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়েও ফাইনেলত প্ৰৱেশ কৰি এই খিতাপ যুঁজখন বিশেষ কৰি তুলিলে।
