দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা। কেৱল সেয়াই নহয়, তেওঁ লগতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হিচাপেও পৰিগণিত হয় দীপ্তি।দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা। কেৱল সেয়াই নহয়, তেওঁ লগতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হিচাপেও পৰিগণিত হয় দীপ্তি।নিলামত ৫০ লাখ টকা দৰৰ পৰা দীপ্তিৰ নিবিদা আৰম্ভ হৈছিল। ইয়াৰ পিছত দিল্লী কেপিটেলছে দীপ্তিৰ বাবে নিবিদা আগবঢ়ায়। কিন্তু ইউ পি ৱাৰিয়ৰ্ছে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ দীপ্তিক দললৈ আনে।
এইদৰে এইবাৰৰ ৱ’মেন প্ৰিমিয়াৰ লীগৰ মেগা নিলামত সৰ্বাধিক ধন লাভ কৰা খেলুৱৈ ৰূপে পৰিগণিত হয় দীপ্তি। তেওঁৰ পিছতে আমেলিয়া কেৰক দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ ৰূপে ৩ কোটি টকাত ক্ৰয় কৰে মুম্বাই ইণ্ডিয়ানছ।
