ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী ঐক্যমঞ্চই। ভোট চুৰি আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শইকীয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিলে এই এজাহাৰ।
এজাহাৰ দাখিলৰ সময়ত দিছপুৰ থানাত উপস্থিত হয় কংগ্রেছ, অজাপ, ৰাইজৰ দল, CPI(M)ৰ নেতৃত্ব। ৰিপুন বৰা, ৰকিবুল হুছেইন, ৰাছেল আহমেদ, লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰসহ কেইবাগৰাকীও নেতাক দেখা গল দিছপুৰ আৰক্ষী থানাত ।
