ডিব্রুগড়ত সতীর্থ যুৱতী চিকিৎসকক ধর্ষণ

112

ডিব্রুগড়ত পুনৰ এগৰাকী সতীর্থ চিকিৎসক ধর্ষণ কৰি হ’ল গ্রেপ্তাৰ। তেওঁ আছিল অসম মেডিকেল কলেজৰ শল্য চিকিৎসা বিভাগৰ পঞ্জীয়ক সোণমণি ভূঞা৷ জানিব পৰা মতে ভূঞাই তেওঁৰ সতীর্থ এগৰাকী যুৱতী চিকিৎসকক ধর্ষণ কৰাৰ বাবে ডিব্রুগড় সদৰ আৰক্ষীয়ে অভিযুক্ত চিকিৎসক সোণমণি ভূঞাক গ্রেপ্তাৰ কৰি সোমবাৰে জে’ললৈ প্রেৰণ কৰে৷
বিশেষ সূত্রে জানিব পৰা মতে, দুয়োগৰাকী চিকিৎসক অবিবাহিত হোৱাৰ লগতে দীর্ঘদিনৰে পৰা শাৰীৰিক সম্বন্ধত আছিল আৰু ইয়াৰ মাজতে যুৱতী চিকিৎসকগৰাকীৰ এবাৰ গর্ভপাত কৰোৱা হৈছিল৷ জে’ললৈ প্রেৰণ কৰা চিকিৎসকগৰাকীয়ে বিবাহত সন্মতি নিদিয়া বাবেই ধর্ষণৰ দৰে গোচৰ দিয়া বুলি সন্দেহ কৰা হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষী অধীক্ষক শ্বেটাং মিশ্রাই সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে অতি কৌশলেৰে ম’বাইলত গোপনে আবদ্ধ কৰি থোৱা ফটো ফাদিল কৰাৰ ভয় দেখুৱাই আৰু দীর্ঘসময় ধন দাবী কৰি সতীর্থ চিকিৎসককগৰাকীক ধর্ষণ কৰি গৈছিল চিকিৎসক ডাঃ সোণমণি ভূঞাই৷