অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাত ঈদৰ পিচৰ পৰাই সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি। যোৱা সপ্তাহত বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰিছিল পবিত্ৰ ঈদ-উদ-জোহা। অসমতো মুছলমানসকলে পালন কৰিছিল এই ঈদ। কিন্তু তাৰ পাছতেই অসমৰ কেতবোৰ স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ আহে। বিশেষকৈ মন্দিৰৰ চৌহদত গো-মাংস পেলোৱাক কেন্দ্ৰ কৰি অসমৰ ধুবুৰী জিলা উত্তপ্ত হৈ পৰে। বৰাকতো অনুৰূপ এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।শুকুৰবাৰে নিশা অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ দলে ধুবুৰী চহৰত টহল দিয়ে। তাৰ মাজতে আঠখন থানাৰ অধীনৰ কেবাটাও অঞ্চলৰ পৰা মুঠ ৩৮ জন লোকক জামিন-বিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।ইফালে শুকুৰবাৰে পৰিস্থিতিৰ বুজ ল’বলৈ ধুবুৰীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমাজত বিভেদ সৃষ্টি কৰিব খোজা এনে উপাদানক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীক। তাৰোপৰি আন কেবাটাও চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত ধুবুৰী চহৰত নমোৱা হয় ৰেপিড একশ্যন ফ’ৰ্চ (RAF)। তাৰ পাছতেই এই লোক কেইজনক গ্ৰেপ্তাৰ কৰা হয়। ধুবুৰীৰ ৰাজপথ আৰু আন পথত আৰক্ষী জোৱান আৰু আৰ এ এফৰ জোৱানৰ এক বৃহৎ দলৰ টহল দেখা যায়। চহৰখনৰ বাসিন্দাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিখুঁতভাৱে পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে।এক বৃহৎ অগ্ৰগতি হিচাপে জিলাখনৰ ভিতৰৰ বিভিন্ন থানা এলেকাৰ পৰা মুঠ ৩৮ জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই এক পোষ্টত অৱগত কৰে। এই গ্ৰেপ্তাৰসমূহ জামিনহীন ধাৰাত কৰা হৈছে, যিয়ে অভিযোগৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
