মঙলবাৰে নিশা সন্দেহজনক বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে চলালে অভিযান। জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ২২ জনকৈ সন্দেহজনক নাগৰিকক। বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ধুবুৰী বি এন কলেজ আৰক্ষী চকিত জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।
