ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা

835

ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত ধকুৱা চকৰ পৰা ধকুৱা হাইস্কুল হৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ জুৰি দৈৰ্ঘৰ  বোকাময় মাটিৰ পথছোৱাৰে ৰাইজে যাতায়াত কৰি আহিছে ৷

ধকুৱা চেন্টাৰৰ পৰা  গৈ পালহাজী – মন্দিয়া পথত লগ লগা উক্ত পথছোৱা বিগত বৰ্ষ সমুহত জিলা পৰিষদৰ অধীনত নাম মাত্ৰ মাটি পেলাই মেৰামতি কৰি আহিছে যদিওঁ পথছোৱা পকীকৰণ নকৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বিশেষ অসুবিধা ভোগ কৰি আহিছে৷ উন্নয়ন আৰু সম বিকাশৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰে উক্ত পথছোৱা মেৰামতি কৰিবনে বুলি ৰাইজে প্ৰশ্ন উত্থান কৰিছে।