দেশৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰণালয়(এমএছডিই)ৰ অধীনত প্ৰশিক্ষণ সঞ্চালকালয়ে (ডিজিটি) এমাজন ৱেব চাৰ্ভিচেছ (এডব্লিউএছ) ভাৰতৰ সৈতে ক্লাউড কম্পিউটিং, ডাটা এনোটেচন, কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু যন্ত্ৰ শিক্ষণ (এমএল)ত শিক্ষাৰ্থীসকলক দক্ষতা বৃদ্ধিৰ বাবে সহযোগিতা কৰি আছে, যাতে শিক্ষাৰ্থীৰ সামৰ্থ্য আৰু নিয়োগ-ক্ষমতা বৃদ্ধি হয়। এই ডিজিটি পদক্ষেপে প্ৰায় ১৫,০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই) আৰু ৩৩টা ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছটিআই)ৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলক লাভান্বিত কৰে আৰু দীৰ্ঘম্যাদী প্ৰতিষ্ঠানগত দক্ষতা প্ৰশিক্ষণ ৰূপায়ণক কাৰ্যকৰী কৰে।
এই সহযোগিতাৰ অংশ হিচাপে এডব্লিউএছ ইণ্ডিয়াই মানুহক কোনো ব্যয় অবিহনে বিনামূলীয়াকৈ শেহতীয়া প্ৰযুক্তিত স্ব-গতিসম্পন্ন অনলাইন শিক্ষণ কাৰ্যসূচী প্ৰদান কৰিব। এই শিক্ষণ সমল ডিজিটিৰ ভাৰত দক্ষতা প্লেটফৰ্ম (https://bharatskills.gov.in)ত আগবঢ়োৱা হ’ব, যি হৈছে উন্নীত পাঠ্যক্ৰম, পাঠ্যক্ৰমৰ সমল, ডিজিটেলভাৱে মিশ্ৰিত বিষয়বস্তু, প্ৰশ্ন বেংক আৰু কাৰুশিল্প প্ৰশিক্ষণ আঁচনি (চিটিএছ) আৰু কাৰুশিল্প প্ৰশিক্ষক প্ৰশিক্ষণ আঁচনি (চিআইটিএছ)ৰ অধীনত সকলো পাঠ্যক্ৰমৰ ভিডিঅ’ শিক্ষণৰ এক কেন্দ্ৰীয় ভঁৰাল।
এডব্লিউএছ ইণ্ডিয়াই এআই আৰু এমএল পেছাদাৰীসকলক চেজমেকাৰ গ্ৰাউণ্ড ট্ৰুথ ব্যৱহাৰ কৰি ডাটা টীকাকৰণ(অনটেচন) আৰু লেবেলৰ প্ৰশিক্ষণ প্ৰদান কৰিব। এই বিষয়ে এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, “এই প্ৰযুক্তিসমূহৰ বিষয়ে অধ্যাপকসকলক প্ৰশিক্ষণ দিবলৈ এ ডব্লিউ এছে যি সহায় আগবঢ়াব সেয়া অতি মূল্যৱান হ’ব আৰু তেওঁলোকক উন্নত শিক্ষণ ফলাফল প্ৰদান কৰিবলৈ সক্ষম কৰিব।”