ইণ্ডিয়া প’ষ্ট পেমেণ্টবেংক (আইপিপিবি), ডাক বিভাগ আৰু বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্স কোম্পানীয়ে বেংকৰ ৬৫০ টা শাখা আৰু ১৩৬,০০০ তকৈ অধিক বেংকিং প্ৰৱেশাধিকাৰ পইণ্টৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে গ্ৰাহকসকলক টাৰ্ত আৰু এনুইটি সেৱা আগবঢ়োৱাৰ বাবে এক কৌশলগত অংশীদাৰীত্ব ঘোষণা কৰিছে। এই চুক্তিয়ে গ্ৰাহকসকলক, বিশেষকৈ দুৰ্বল শ্ৰেণীৰ আৰু বেংক বিহীন আৰু কম সেৱা প্ৰাপ্ত এলেকাত বাস কৰা গ্ৰাহকসকলক, আৰ্থিকভাৱে সুৰক্ষিত আৰু শক্তিশালী হ’বলৈ সক্ষম কৰিব।
বাজাজ এলিয়াঞ্জ লাইফ স্মাৰ্ট প্ৰটেক্ট গ’ল আৰু বাজাজ এলিয়াঞ্জ লাইফ গেৰাণ্টেড পেঞ্চন গ’ল হৈছে টাৰ্ম আৰু এনুইটি সেৱা যাক এই কৌশলগত মিত্ৰতা অনুসৰি আগবঢ়োৱা হ’ব। এই দুয়োটা সেৱা ডিঅ’পিৰ বিদ্যমান পিএলআই (ডাক জীৱন বীমা) আৰু আৰপিএলআই (গ্ৰাম্য ডাক জীৱন বীমা) সামগ্ৰীৰ উপৰিও গ্ৰাহকসকলৰ বাবে উপলব্ধ হ’ব।
ডাক বিভাগৰ (ডিঅ’পি) ডিডিজি – এফএছ আৰু পিবিআইৰ ডিডিজি পৱন কুমাৰ সিঙে অংশগ্ৰহণ কৰা এক সংবাদ মাধ্যমৰ বৈঠকত এই ঘোষণা কৰা হয়। জে. ভেংকট্ৰামু, এমডি আৰু চিইঅ’, ইণ্ডিয়া পোষ্ট পেমেণ্টবেংক; আৰু বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চিউৰেন্স কোম্পানীৰ এমডি আৰু চিইঅ’ শ্ৰী তৰুণ চুগ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।