গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগত আন্তৰ্জাতিক মূকাভিনয় দিৱস পালন

106

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আৰু নাট্য পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগত    বিশ্ব  মুকাভিনয় দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সমজুৱাক আদৰণি জনায় নাট্য পৰিষদৰ সাধাৰণ সম্পাদক তথা মুকাভিনয়ৰ ৰাষ্ট্ৰীয় বটা প্ৰাপক  শিল্পী ডঃ কুলদীপ পাটগিৰিয়ে।

অনুষ্ঠানত নাট্য পৰিষদৰ মূখ্য উপদেষ্টা ,অধ্যাপক ভাস্কৰজ্যোতি বৰা, সংগঠনটোৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মূৰব্বী অধ্যাপক প্ৰশান্ত শৰ্মা আৰু কাৰ্যকৰী সভাপতি  ডঃ দেৱাশীষ শইকীয়াই দিৱস উপলক্ষে বিশেষ বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত   অসমত মূকাভিনয় শিল্পৰ প্ৰৱৰ্তক  মইনুল হকক সম্বৰ্ধনা জনোৱা হয়।খ্যাতিসম্পন্ন শিল্পী মইনুল হকে অনুষ্ঠানত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকসকলৰ  সন্মুখত মুকাভিনয়ৰ কলা কৌশল প্ৰদৰ্শন কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনভো শৰ্মাই গোৱালপৰীয়া লোকগীত পৰিবেশন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদিকা বন্দিতা ডেকাই।