বিমান বন্দৰত পুনৰ অঘটন

54

বিমান বন্দৰত পুনৰ ভয়াৱহ বিমান দুৰ্ঘটনা।দুৰ্ঘটনাত বিমানখনত থকা মুঠ ৭৬গৰাকী যাত্ৰীৰ ভিতৰত অতি কমেও ২০গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আহতসকলৰ ভিতৰত আছে এগৰাকী শিশু, এজন ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধ।উল্লেখযোগ্য যে টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত সংঘটিত হৈছে এই ঘটনা।

দুৰ্ঘটনাত পতিতত হোৱা বিমানখনৰ নম্বৰ হৈছে- এণ্ডেভাৰ এয়াৰ ফ্লাইট 4819।ইতিমধ্যে দুৰ্ঘটনাৰ লগে লগে বিমান বন্দৰ কৰ্তৃপক্ষই সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

অৱশ্যে বিমানখন দুৰ্ঘটনাতপতিত হ’লেও বাকীসকল যাত্ৰী সুৰক্ষিত অৱস্থাত থকাৰ কথা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে।