ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি ঘোষণা কৰে যে দিল্লী পৰিবহন নিগমে (ডিটিচি) নতুন দিল্লী চহৰত ১৫০০ খন বৈদ্যুতিক বাছ পৰিচালনাৰ বাবে ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী টিএমএল চিভি মোবিলিটি ছলিউচনছ লিমিটেডৰ সৈতে এক নিশ্চিত চুক্তি স্বাক্ষৰ কৰিছে। চুক্তিৰ অংশ হিচাপে, টিএমএল চিভি মোবিলিটি ছলিউচনলিমিটেডে ১২ বছৰৰ বাবে ১২ মিটাৰ নিম্ন-মহলা শীতাতপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছৰ ১৫০০ ইউনিট যোগান ধৰিব, পৰিচালনা কৰিব আৰু ৰক্ষণাবেক্ষণ কৰিব। টাটা ষ্টাৰবাছ ইভি হৈছে বহনক্ষম আৰু আৰামদায়ক যাতায়তৰ বাবে উৎকৃষ্ট ডিজাইন আৰু শ্ৰেষ্ঠ-শ্ৰেণীৰ সুবিধাৰ সৈতে এক স্বদেশী ভাৱে বিকশিত বাহন।
টাটা মটৰ্ছৰ অত্যাধুনিক গৱেষণা আৰু বিকাশ সুবিধাবোৰে বেটাৰী-বৈদ্যুতিক, হাইব্ৰিড, চিএনজি, এলএনজি আৰু হাইড্ৰজেন ফুৱেল চেল প্ৰযুক্তিকে ধৰি বৈকল্পিক ইন্ধন প্ৰযুক্তিৰ দ্বাৰা চালিত অভিনৱ গতিশীলতা সমাধান প্ৰস্তুত কৰাৰ বাবে ক্ৰমান্বয়ে কাম কৰি আহিছে। আজিলৈকে, টাটা মটৰ্ছে ভাৰতৰ একাধিক চহৰত ৭৩০ খনতকৈও অধিক বৈদ্যুতিক বাছ যোগান ধৰিছে, যিবোৰে সামগ্ৰিকভাৱে ৫৫ নিযুত কিলোমিটাৰতকৈ অধিক সময় অতিক্ৰম কৰিছে, যাৰ আপটাইম ৯৫%-তকৈ অধিক।
এই ঘোষণাসন্দৰ্ভত মন্তব্য কৰি দিল্লী পৰিবহণ নিগমৰ পৰিচালনা সঞ্চালক আইএএছ শ্ৰীমতী শিল্পা শিন্দেয়ে কয়, “নতুন বাছসমূহে ইয়াৰ অতি-আধুনিক বৈশিষ্ট্য আৰু আৰামদায়ক আসনৰ দ্বাৰা যাত্ৰীসকলকযথেষ্ট উপকৃত কৰিব।”
