ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ৫১৮/৫ ৰে প্ৰথম ইনিংছ ঘোষণা কৰে ভাৰতে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে ৪৯৭ ৰান পিছ পৰি থকা প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ২১ ৰান সংগ্ৰহ কৰে। অপৰাজিত হৈ আছে টেগনাৰায়ণ চন্দৰপল আৰু এলিক আথানাছে।
জন কেম্পবেলক আউট কৰে ৰবীন্দ্ৰ জাডেজাই। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক শুভমান গিলে নিজৰ কেৰিয়াৰৰ দশম শতক অৰ্জন কৰিছিল। ১২৯ ৰানত অপৰাজিত হৈ থাকে। তেওঁৰ পূৰ্বে যশস্বী জয়ছৱালে ১৭৫ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ ছাই সুদৰ্শনে ৮৭, ধ্ৰুৱ জুৰেলে ৪৪, আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ৪৩ ৰান সংগ্ৰহ কৰে।
ৱেষ্ট ইণ্ডিজৰ হৈ জোমেল ৱাৰিকনে তিনিটা উইকেট দখল কৰে, অধিনায়ক ৰষ্টন চেজে এটা উইকেট দখল কৰে। উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৮ম অভাৰত। অ’পেনাৰ জন কেম্পবেলক ছাই সুদৰ্শনে ৰবীন্দ্ৰ জাডেজাৰ বলত ১০ ৰান কেচ আউট কৰে।
