মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি পৰ্যটনস্থলী উমৰাংছ’লৈ নতুন ৰে’লপথ নিৰ্মাণকে ধৰি ৰাজ্যৰ ৰে’ল সংযোগ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে কোকৰাঝাৰ জিলাৰ মাজেৰে ভূটানৰ সৈতেও প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় লাইনৰ বিষয়ে আলোচনা কৰা হৈছে।
তেওঁ কয় মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱৰ সৈতে মোৰ এক অতি উপযোগী বৈঠক হয়। আমি অসমৰ ৰে’লপথ সম্প্ৰসাৰণ আৰু জনসাধাৰণৰ বাবে সামগ্ৰিক সংযোগ বৃদ্ধিৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ।
উমৰাংছ’ চহৰৰ পৰা লংকালৈ নতুন ৰে’লপথ নিৰ্মাণ, কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নতুন ৰে’লপথৰ কাম ক্ষিপ্ৰ কৰা, অসমৰ বাবে তিনিখন নতুন অমৃত ভাৰত ৰে’ল, ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা সকলো ডাঙৰ ৰে’লৰ বাবে ৰাজ্যত অধিক ষ্টপেজ আদি বিষয়সমূহ আলোচনা কৰা বিষয়সমূহৰ ভিতৰত আছে বুলি মুখ্যমন্ত্রীয়ে কয়৷
