দিল্লীৰ মুস্তাফাবাদত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে নিশা এটা অট্টালিকা ভাঙি পৰা ফলত ধ্বংসাৱশেষৰ তলত পুত খাই মৃত্যু হয় ৪ জনকৈ লোকৰ। ঘটনাস্থলীত এন ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি, পুৱা ৩ বজাত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । বৰ্তমানে ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও ইয়াৰে চাৰিজনৰ মৃত্যু হয়। দিল্লীৰ উত্তৰ-পূব অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । দিল্লীৰ মুস্তাফাবাদ অঞ্চলত থকা এই অট্টালিকা হঠাৎ ভাঙি পৰে।উল্লেখ্য যে, শুকুৰবাৰে দিল্লীত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত হয়। ফলত চহৰখনৰ বহু অঞ্চল প্ৰভাৱিত হয়। নিশা সংঘটিত ঘটনাত এন ডি আৰ এফ আৰু আৰক্ষী জোৱান উদ্ধাৰ অভিযানত নিয়োজিত হোৱাৰ বিপৰীতে স্থানীয় লোকেও উদ্ধাৰ অভিযানত সহায় কৰিছে।
