২ জুনতে আত্মসমৰ্পণ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

230

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এক মোক্ষম আঘাতৰ সন্মুখীন হয়। তেওঁ ২ জুনতে কাৰাগাৰলৈ উভতিব লাগিব, কিয়নো তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে। উচ্চতম ন্যায়ালয়ে তেওঁৰ অন্তৱৰ্তীকালীন জামিন ৭ দিনলৈ বৃদ্ধি কৰাৰ দাবী নাকচ কৰে।বিচাৰপীঠে কয় যে যিহেতু কেজৰিৱালক নিয়মীয়া জামিনৰ বাবে ট্ৰাইল কোৰ্টৰ কাষ চাপিবলৈ স্বাধীনতা দিয়া হৈছে, সেইবাবে কেজৰিৱালৰ আবেদন শুনানীৰ বাবে যোগ্য নহয়। কেজৰিৱালে ২ জুনত আত্মসমৰ্পণ কৰিব লাগিব।

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ২ জুনলৈকে অন্তৱৰ্তীকালীন জামিনত আছে। নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ উচ্চতম ন্যায়ালয়ে তেওঁক ১০ মে’ত জামিন প্ৰদান কৰিছিল। দুদিন আগতে, ২৭ মে’ত, তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা জামিনৰ সময় বৃদ্ধি বিচাৰিছিল। তেওঁ কিছু চিকিৎসা পৰীক্ষা কৰাব লাগিব বুলি দাবী কৰি এখন আবেদন দাখিল কৰিছিল, সেয়েহে অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনৰ বাবে বৃদ্ধি কৰাৰ বাবে আহ্বান জনাইছিল।

 অৰবিন্দ কেজৰিৱালে তেওঁৰ আবেদনত উচ্চতম ন্যায়ালয়ক কয় যে কাৰাগাৰত থকাৰ পিছত তেওঁ ওজন হ্ৰাস পাইছে। তেওঁ কিছু লক্ষণ দেখুৱাইছে, যিবোৰ গুৰুতৰ যেন লাগিছে। গতিকে তেওঁ মেক্স চিকিৎসালয়ত নিজকে পৰীক্ষা কৰাব বিচাৰে। তেওঁ আৰু তেওঁৰ পৰিয়ালে চিকিৎসা পৰীক্ষা কৰি স্বাস্থ্যৰ বিষয়ে সন্তুষ্ট হ’ব বিচাৰে, সেয়েহে ৭ দিনৰ বাবে তেওঁৰ জামানিৰ ম্যাদ বৃদ্ধি কৰিব লাগে বুলি আহ্বান জনায় কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ দাবী প্ৰত্যাখ্যান কৰে।