দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰদূষণে ইতিমধ্যে চৰম সীমা অতিক্ৰম কৰিছে । জানিব পৰা মতে, দেওবাৰে দিল্লীৰ বায়ুৰ সূচাংকৰ তীব্ৰ অৱনতি ঘটিছে আৰু উত্তৰ ভাৰতৰ বৃহৎ অঞ্চল ধোঁৱা, ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতে আৱৰি ধৰিছে । যাৰ ফলস্বৰূপে বায়ুৰ সূচাংক গুৰুতৰ শ্ৰেণীৰ ওচৰ চাপিছে ।ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই সকীয়াই দিছে যে উত্তৰ ভাৰতৰ কিছু অংশত কুঁৱলীৰ পৰিস্থিতিয়ে দৃশ্যমানতাত প্ৰভাৱ পেলাইছে আৰু ইয়াৰ ফলত নিৰ্বাচিত বিমানবন্দৰত বিমান চলাচলত বিলম্ব বা পৰিৱৰ্তন হ’ব পাৰে ।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জনোৱা মতে পুৱা ৭ বজাৰ ওচৰত সামগ্ৰিকভাৱে বায়ুৰ সূচাংক ৩৯০ দেখা গৈছে, যাৰ ফলত ইয়াক ‘অতি দুৰ্বল’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু কেইবাটাও অঞ্চলত বায়ুৰ গুণাগুণ আৰু অধিক অৱনতি ঘটি ‘গুৰুতৰ’ শ্ৰেণীলৈ যোৱা দেখা গৈছে ।
