দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ পিছত চৰ্চালৈ আহিছিল ফৰিদাবাদৰ আল-ফলাহ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনৰ চৌহদত এতিয়া অভিযান চলাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ED-এ। আজি তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ ওখলা আৰু জামিয়া নগৰ অঞ্চলকে ধৰি ২৫টা স্থানত অভিযান চলায়। ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলাইছে।ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলাইছে। এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ছিদ্দিকীলৈ চমন জাৰি লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ ব্যাপক তদন্তৰে অংশ। এই বিস্ফোৰণৰ কেইবাজনো সন্দেহযুক্ত অভিযুক্তৰ বিশ্ববিদ্যালয়খনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। সেয়ে তদন্তকাৰী সংস্থাই বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠানিক ৰেকৰ্ড, বিত্তীয় লেনদেন, প্ৰশাসনিক অনুমোদন পৰীক্ষা কৰিছে।
