দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। শেহতীয়াকৈ দিল্লীৰ AQI বিপদজনক শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। বহু ঠাইত এ কিউ আই ৯০০ পাৰ কৰিছে। যি এতিয়া দিল্লীবাসীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীত নিশা বৃহৎ সংখ্যক লোকে ফটকা ফুটাই দীপাৱলী উদযাপন কৰে। তাৰ পাছতে মঙলবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগত মানৰ অৱনতি ঘটে। ৩৭ টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ৩৪ টাত প্ৰদূষণৰ মাত্ৰ যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে। এইসমূহ স্থানত ‘ৰেডজোন’ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে। আজি পুৱা ৬ বজালৈ দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ গুণগত সূচাংক ‘অতি বিপদজনক’ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে। যি স্বাস্থ্যৰ বাবে অতি গুৰুতৰ।
