এটা চাৰি মহলীয়া অট্টালিকা ভাঙি বাগৰি পৰাৰ ফলত সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ। এই অট্টালিকাটো অবৈধভাৱে নিৰ্মাণ কৰা বুলিও তথ্য পোহৰলৈ আহিছে। ক্ষণিকৰ ভিতৰতে অট্টালিকাটো ভাঙি বাগৰি পৰাৰ ফলত কেইবাজনো লোক এই ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। ঘটনাস্থলীত সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে।প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে দুৰ্ঘটনাৰ সময়ত অট্টালিকাটোত বহুকেইটা পৰিয়াল উপস্থিত আছিল। অট্টালিকাটো ভাঙি পৰাৰ লগে লগে স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি আজি পুৱা প্ৰায় ৭ বজাত সীলমপুৰ অঞ্চলত এই ঘটনা সংঘটিত হোৱা বুলি খবৰ লাভ কৰে। এই খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বহুকেইখন বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।এই দুৰ্ঘটনা সম্পৰ্কে তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দলো সেই স্থানত উপস্থিত হয়। সম্প্ৰতি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি প্ৰশাসনে লগতে জানিবলৈ দিয়ে।
