দীপক ভোহৰা হব গুৱাহাটীৰ ধাৰাপুৰৰ কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ

114

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপদেষ্টা , দেশৰ এগৰাকী আগশাৰীৰ কুটনীতিবিদ , প্ৰাক্তন ৰাষ্ট্ৰদূত দীপক ভোহৰা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ নতুনবস্তিস্থিত কুমাৰ ইঞ্জিনিয়াৰিং নামৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব । ১৬ জানুৱাৰীত  দীপক ভোহৰাই  উদ্যোগিক প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক এক পত্ৰ প্ৰেৰণ কৰি তেওঁ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব বুলি সন্মতি প্ৰকাশ কৰিছে । পত্ৰখনত পৰিচালন সঞ্চালকৰ অনুৰোধ ৰক্ষা কৰি দায়িত্ব গ্ৰহণ কৰিব বুলি সদৰি কৰি নিয়মীয়াকৈ উদ্যোগিক প্ৰতিষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও সঞ্চালক মণ্ডলী বা বৰ্ড সভাত উপস্থিত থাকিব বুলি পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক আশ্বাস প্ৰদান কৰিছে ।