বয়সৰ ওচৰত হাৰ মনা নাছিল তেওঁ। বয়সক পৰাস্ত কৰি বিশ্বৰে আটাইতকৈ বয়সীয়াল এথলিট হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল নিজকে। অৱশেষত ১১৪ বছৰ বয়সত দুৰ্ঘটনাইহে কাঢ়িলে তেওঁৰ প্ৰাণ।যিসময়ত আন নাগৰিকে ঈশ্বৰৰ সৰনাপন্ন হৈ জীৱনৰ মোহ, মায়া ত্যাগ কৰি মুক্তিৰ ক্ষণ গণে সেই সময়তে তেওঁ আৰম্ভ কৰিছিল মাৰাথন দৌৰিবলৈ। ৮০ বছৰত মাৰাথন খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা এইগৰাকী এথলিটে অৱশেষত ১১৪ বছৰ বয়সত ত্যাগ কৰিলে জীৱন। অৱশ্যে কোনো শাৰীৰিক ৰোগ অথবা বাৰ্ধক্যৰ ওচৰত তেওঁ হাৰ মানি জীৱন ত্যাগ কৰা নাই। এক দুৰ্ঘটনাইহে কাঢ়িলে তেওঁৰ প্ৰাণ। ‘টাৰ্বান টৰ্নেডো’ হিচাপে পৰিচিত ফৌজা সিঙৰ সোমবাৰে পথ দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰা মতে খোজকাঢ়ি গৈ থকাৰ সময়তে পিছফালৰ পৰা অহা এখন বাহনে তেওঁক খুন্দা মাৰে। পিছত তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও হাস্পতালত তেওঁ নিশা ১০ বজাত মৃত্যু হয়।
