শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান ফুটবল লীগ ২০২৫-২৬ৰ বাবে দূৰদৰ্শনক অফিচিয়েল সম্প্ৰচাৰ অংশীদাৰ কৰা হৈছে। ডি ডি স্প’ৰ্টছত সম্প্ৰচাৰ হ’ব আই এফ এল। ইয়াৰ উপৰিও প্ৰসাৰ ভাৰতীৰ ষ্ট্ৰীমিং প্লেটফৰ্ম ৱেভছ এপত লাইভ ষ্ট্ৰীমিং হ’ব। এআইএফএফৰ উপ-সচিব এম সত্যনাৰায়ণে কয় যে আমি ঘোষণা কৰি আনন্দিত হৈছো যে আই এফ এলৰ ছিজন চলি আছে আৰু দূৰদৰ্শন লীগৰ সম্প্ৰচাৰ অংশীদাৰ হিচাপে ব’ৰ্ডত আছে।
যোৱা ছিজনত খিতাপৰ দৌৰ শেষ দিনটোলৈকে চলিছিল, আৰু আমি আশা কৰিছো যে এই বছৰো ই ঠিক তেনেকুৱাই ৰোমাঞ্চকৰ হ’ব। শুকুৰবাৰৰ পৰা লুধিয়ানাত নামধৰী এফ চি আৰু আইজল এফ চিৰ মাজত অনুষ্ঠিত হয় আই এফ এল ২০২৫-২৬ৰ খেলখনৰ বিপৰীতে দিনটোৰ দ্বিতীয়খন খেলত আইজলত প্ৰাক্তন চেম্পিয়ন গোকুলাম কেৰালা এফ চিৰ সৈতে চানমাৰী এফ চিৰ মুখামুখি হয়।
