জাপানৰ ডাইকিন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক প্ৰতিষ্ঠান ডাইকিন এয়াৰ কণ্ডিচনিং ইণ্ডিয়া প্ৰাইভেট লিমিটেডে নিজৰ বিকাশৰ যাত্ৰা শক্তিশালী কৰি অন্ধ্ৰ প্ৰদেশৰ শ্ৰী চহৰl একত্ৰিত শীততাপ নিয়ন্ত্ৰণ(ইণ্টিগ্ৰেটেড এয়াৰ কণ্ডিচনাৰ) আৰু কম্প্ৰেচাৰ নিৰ্মাণ সুবিধাৰ বাণিজ্যিকীকৰণৰ কথা ঘোষণা কৰিছে। ৭৫.৫ একৰজুৰি বিয়পি থকা নতুন প্ৰকল্পটোৱে উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি ডাইকিনৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে। লগতে ই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা ক্ষেত্ৰত ভাৰতত নিৰ্মিত অত্যাধুনিক শীততাপ নিয়ন্ত্ৰণ সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ বাবে কৌশলগতভাৱে অৱস্থিত স্থানত প্ৰতিষ্ঠিত।
এই নতুন প্ৰকল্পটো শেহতীয়া প্ৰযুক্তিৰে সুসজ্জিত আৰু মানদণ্ড তথা বহনক্ষমতাৰ বাবে ডাইকিনৰ উৎকৃষ্ট মানদণ্ড অনুসৰণ কৰে। এই ফেচিলিটী(সুবিধা) উৎপাদন প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত সমগ্ৰ ভাৰত আৰু বিদেশৰ যিকোনো প্ৰান্ততে গ্ৰাহকসকললৈ ডাইকিনৰ জনপ্ৰিয় সামগ্ৰীসমূহ সময়মতে ডেলিভাৰী নিশ্চিত কৰা হৈছে।২০২২ চনৰ এপ্ৰিলত এই স্থানত আধাৰশিলা স্থাপন কৰিছিল কোম্পানীটোৱে। এই শেহতীয়া নিৰ্মাণ আৰু ইনষ্টলেচনসমূহ দ্ৰুত গতিত আৰু কিছুমান সময়ৰ পূৰ্বেই সম্পূৰ্ণ হৈছে। এই সুবিধা পশ্চিম আফ্ৰিকা, শ্ৰীলংকা, ভূটান, নেপাল, বাংলাদেশ, মধ্য প্ৰাচ্য, দক্ষিণ আমেৰিকা আৰু পূব আফ্ৰিকাৰ বজাৰৰ বাবে জলবায়ু–অনুকূল শীততাপ নিয়ন্ত্ৰণ সমাধানৰ বিকাশৰ বাবে বিশেষভাৱে উৎসৰ্গিত। ডাইকিন ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া মাছানোৰী টোগাৱাই ডাইকিনৰ বিশ্বব্যাপী দৃষ্টিভংগীত ভাৰতৰ গুৰুত্বৰ ওপৰত বিশেষ আলোকপাত কৰি কয় যে, ”দেশৰ গতিশীল বজাৰ আৰু দক্ষ কৰ্মশক্তিৰ আমাৰ মিছনৰ সৈতে নিখুঁতভাৱে সংগতি ৰাখে আৰু আমি নিশ্চিত যে এই নতুন সুবিধাই কেৱল এইচভিএচি সমাধানৰ মানদণ্ড উন্নত কৰাই নহয়, ভাৰত আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহত উদ্যোগটোৰ বৃদ্ধিতো গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।”