ছাল,চুলি আৰু স্বাস্থ্য ভালে ৰাখিবলৈ কি কৰিব

44

আপুনি বাৰু নৰসিংহ পাতৰ উপকাৰিতা বিষয়ে জানেনে?নৰসিংহ পাত আপুনি বাৰু কি কি কামত ব্যৱহাৰ কৰে ?

আপুনি জানিলে আচৰিত হব যে অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে। ইয়াত বহু ঔষধি গুণ আছে। যিবোৰে আমাৰ স্বাস্থ্য ,ছাল-চুলিক ভালে ৰখাত বহু পৰিমাণে সহায় কৰে।

নৰসিংহ পাত প্ৰ’টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ।সেয়েহে নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকে।যদি বমিৰ ভাৱ হয়, বা আপোনাৰ মূৰ ঘূৰায়,এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী বুলি গণ্য কৰা হয়।

আপুনি জানেনে নৰসিংহ পাত খালে হজম শক্তি উন্নত হয়।যদি আপোনাৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেন্তে নৰসিংহ পাত খাব। আপুনি ৰাতিপুৱা খালী পেটত মৌৰ সৈতে এই পাত খাব পাৰে।