কামিন্স ইণ্ডিয়াই নিজৰ কৰ্মচাৰীসকলৰ বাবে জেণ্ডাৰ ৰিএচাইনমেণ্ট চাৰ্জাৰী (জি আৰ এছ)ক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে

438

শক্তি সমাধান প্ৰযুক্তি প্ৰদানকাৰী কোম্পানী কামিন্স ইণ্ডিয়াই নিজৰ কৰ্মচাৰীসকলৰ বাবে জেণ্ডাৰ ৰিএচাইনমেণ্ট চাৰ্জাৰী (জি আৰ এছ)ৰ বাবে সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। নিজৰ আত্মপৰিচয় লিংগলৈ পৰিৱৰ্তিত হোৱাসকলৰ বাবে কোম্পানীটোৱে আৰ্থিক সাহায্য প্ৰদান কৰিব।

কামিন্স ইণ্ডিয়াই বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, একেলগে থকা, আত্মপ্ৰকাশ, আৰু সমতাৰ মূল্যবোধক আকোৱালি লৈ। শেহতীয়াকৈ কোম্পানীটোৱে লিংগ নিৰপেক্ষ ড্ৰেছ কোড নীতি ঘোষণা কৰাৰ লগতে নিজৰ সুবিধাসমূহত লিংগ নিৰপেক্ষ ৱাশ্বৰুম কাৰ্যকৰী কৰিছে।

ইণ্ডিয়া প্ৰাইড এম্প্লয়ি ৰিচ’ৰ্চ গ্ৰুপে ২০১৯ চনৰ পৰা সক্ৰিয়ভাৱে এলজিবিটিকিউ+ প্ৰাইড মাহ উদযাপন কৰি আহিছে, পুনেত ইউটাক চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত প্ৰাইড মাৰ্চত অংশগ্ৰহণ কৰি। ই আৰ জিৰ পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰাইড এলাই প্ৰগ্ৰেম, নো থাই প্ৰন’ন্স অভিযান, এলজিটিবিকিউ+ ১০১ ট্ৰেইনিং, আৰু ছেফ লিডাৰ ট্ৰেইনিং যাতে কৰ্মচাৰীসকলক এলজিবিটিকিউ+ অন্তৰ্ভুক্তি, পক্ষপাতিত্ব, আৰু নিৰাপদ নেতাৰ পৰিস্থিতিৰ পদ্ধতিৰ বিষয়ে জ্ঞান দিয়া হয়।