পূৰ্বতে কোনো দিন ঘটা নাছিল এনে ঘটনা কিয়নো ১৭ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ’ল একেবাৰে।আদালতৰ ইতিহাসত ইমান সংখ্যক লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ এইটো প্ৰথম ঘটনা ।এজন অনুসূচিত জাতিৰ লোকক নিৰ্মমভাৱে হত্য়া কৰা গোচৰত আদালতে এই ৰায় দিয়ে ।উল্লেখযোগ্য যে একেখন গাঁৱৰ পণ্ডিত ৰামাস্বামী, পণ্ডিত চাইলু, পণ্ডিত ৰামুলু, পণ্ডিত মল্লেশ, বান্দাগোৰলা ভালৰাজ, পণ্ডিত য়াদয়া, জাক্কুলা ৰমেশ, পণ্ডিত শ্ৰীকান্ত, পণ্ডিত সতীশ, পণ্ডিত নৰসায়া, পণ্ডিত সত্যনাৰায়ণ, বন্দগোৰলা নগাম্মা, পণ্ডিত শ্ৰীনু, পণ্ডিত মাল্লায়া, পণ্ডিত লিঙ্গায়, জাক্কুলা লাচ্চৈয়া, আৰু পোলাবোয়া লিঙ্গায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে প্ৰত্য়েককে ৬০০০ টকাৰ জৰিমনা বিহে ।