৪০ বছৰ বয়সত কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ইতিহাসৰ সৃষ্টি কৰিছে৷ ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ক্রিষ্টিয়ানো ৰোনাল্ডো কোটিপতিৰ মৰ্যাদা লাভ কৰা প্রথমজন ফুটবলাৰ হিচাপে পৰিগণিত হৈছে৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পৰ্তুগীজ ফুটবলাৰগৰাকীৰ সম্পত্তি এতিয়া ১.৪ বিলিয়ন ডলাৰ, যাৰ অৰ্থ হ’ল ভাৰতীয় মুদ্ৰাত ১২,৩৫২ কোটি টকা। জুন মাহত ছৌদি আৰৱৰ দল আল-নাছৰৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ৪০ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীৰ আৰ্থিক বিকাশ ঘটিছে, যাৰ মূল্য ৪০ কোটি ডলাৰৰ ওপৰত বুলি জানিব পৰা গৈছে।
ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰোনাল্ডোৱে ৫৫ কোটি ডলাৰৰ ওপৰত দৰমহা লাভ কৰিছিল, নাইকৰ সৈতে বছৰি প্ৰায় ১৮ মিলিয়ন ডলাৰৰ দশকজোৰা চুক্তি আৰু আৰ্মানি, কেষ্ট্ৰল আৰু আন কেইবাটাও কোম্পানীৰে লাভজনক এণ্ডাৰছমেণ্টে তেওঁৰ সম্পত্তিত ১৭৫ মিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধি কৰিছিল। ২০২৩ চনত মানচেষ্টাৰ ইউনাইটেডৰ পৰা আল-নাছৰলৈ স্থানান্তৰিত হোৱাৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডো ফুটবল ইতিহাসৰ সৰ্বাধিক দৰমহা পোৱা খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ বাৰ্ষিক দৰমহা ১৭৭ মিলিয়ন পাউণ্ড (২৩৭.৫২ মিলিয়ন ডলাৰ), লগতে আছে বোনাছ।
আৰ্জেণ্টিনা আৰু ইণ্টাৰ মিয়ামিৰ ফৰৱাৰ্ড লিয়নেল মেছিয়ে নিজৰ কেৰিয়াৰত ৬০ কোটি ডলাৰতকৈ অধিক প্ৰি-টেক্স দৰমহা লাভ কৰিছে। ৰোনাল্ডোৰ কোটিপতিৰ মৰ্যাদাই তেওঁক বাস্কেটবলৰ মহান খেলুৱৈ মাইকেল জৰ্ডান, মেজিক জনছন, আৰু লেব্ৰন জেমছ, গলফাৰ টাইগাৰ উডছ, টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰকে ধৰি খেলুৱৈৰ এক বিৰল গোটত স্থান দিছে। শেহতীয়াকৈ ৰোনাল্ডোৱে কয় যে তেওঁ অদূৰ ভৱিষ্যতে অৱসৰ লোৱাৰ কথা চিন্তা কৰা নাই।
