কাজিৰঙা ভ্ৰমণ শচীন তেণ্ডুলকাৰৰ

80

কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ডিঙিত গামোচা লৈ ভ্ৰমণ কৰিলে কাজিৰঙা । পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ। কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ কৰে ক্ৰিকেটৰ ভগৱানে। কাজিৰঙাৰ সুৰক্ষাত নিয়োজিত হৈ থকা বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰ গৰাকীয়ে৷ উল্লেখ্য যে প্ৰায় ৭ দিনীয়া ভ্ৰমণসূচী হাতত লৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল শচীন আৰু তেওঁৰ পৰিয়াল। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী।