বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ঐক্যবদ্ধ প্ৰচেষ্টা সম্পৰ্কে হাইস্কুলৰ শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টি

212

জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থত তৃণমূলৰ লোকে সংঘটিত কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ নিৰলস অভিযানৰ সৈতে সংগতি ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে মঙলবাৰে গুৱাহাটীৰ এখন হাইস্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। আৰণ্যকৰ “লিগেল এণ্ড এডভ’কেচি” বিভাগৰ সহযোগত আৰু শিক্ষয়িত্ৰী বিনীতা বৰ্মন দত্তৰ উদ্যোগত নিউ গুৱাহাটী আদৰ্শ হাইস্কুলত “বন্যপ্ৰাণী অপৰাধক জনা, প্ৰতিৰোধ কৰা আৰু মোকাবিলা কৰা” বিষয়ক এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে আৰণ্যকৰ আইনী পৰামৰ্শদাতা অজয় কুমাৰ দাস আৰু বিষয়া ৱাছিমা বেগমে তেওঁলোকৰ ভাষণত সংৰক্ষণৰ গুৰুত্ব আৰু বন্যপ্ৰাণী অপৰাধৰ ভয়াৱহতাৰ ওপৰত আলোকপাত কৰে । তাৰ পাছতে বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় আইন আৰু নিয়মাৱলী, চোৰাং চিকাৰৰ প্ৰভাৱ আৰু বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে সংহত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে পাৱাৰ পইন্ট উপস্থাপনৰ জৰিয়তে ব্যাখ্যা কৰা হয়।

আৰণ্যকৰ বিষয়া কাকলী বৈশ্যই অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সুৰক্ষা কৰ্তৃপক্ষ বিশেষকৈ বন বিভাগক বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু তদন্তত সহায় কৰা আৰণ্যকৰ “কে-নাইন” স্নিফাৰ ডগ স্কোৱাডৰ বিষয়ে তথ্যসমৃদ্ধ ব্যাখ্যা আগবঢ়ায়।