ভয়াবহভাবে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত শিশুৰ সংখ্যা

100

ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌত এইবাৰ শিশুৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি।দ্বিতীয়টো ঢৌৱে শেহতীয়াকৈ শিশুক আক্রান্ত কৰা ঘটনা চিন্তনীয় হৈ পৰিছে৷১ এপ্ৰিলৰ পৰা ২৬ জুনলৈকে অসমত ক’ভিডত আক্ৰান্ত হৈছে ২,৮০,৫০৪জন লোক।ইয়াৰে ভিতৰত ০ ৰ পৰা ১৮ বছৰ বয়সৰ আক্ৰান্ত হৈছে ৩৪,৬০৬ জন৷
এই সময়চোৱাত ক’ভিডত আক্ৰান্ত হোৱাৰ ভিতৰত ৫,৭৫৫জন ৫ বছৰ বয়সৰ তলৰ আৰু ২৮,৮৫১জন ৬ৰ পৰা ১৮ বছৰ বয়সৰ।কামৰূপ মেট্ৰত ১ এপ্ৰিলৰ পৰা ২৬ জুনলৈকে ক’ভিডত আক্ৰান্ত হৈছে ৫৩৪৬টি শিশু-কিশোৰ।যোৱা ১ এপ্রিলৰ পৰা ক’ভিডৰ দ্বিতীয়টো ঢৌত ১৮ বছৰৰ অন্তর্গত মুঠ ২৩৮০টি শিশু ডিব্রুগড় জিলাতেই আক্রান্ত হৈছে৷
চলিত জুন মাহত ৬০টি শিশু ক’ভিডত আক্রান্ত হৈ এ এম চি এইচত ভর্তি হৈছিল৷ইয়াৰ ভিতৰত ৫ টি শিশু ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷যোৱা ২ জুনত ৩৭ দিনীয়া এটা শিশুৰ প্রথম এ এম চি এইচত মৃত্যু হৈছিল৷ ইয়াৰ পাছত ৯ জুনত ৩৪ দিনীয়া এটি শিশুৰ,১৭ জুনত ৮ বছৰীয়া এটি শিশুৰ, ১৯ জুনত ৫ মহীয়া এটি শিশুৰ আৰু ২৬ জুনত ১১ মহীয়া এটি শিশুৰ ক’ভিডত মৃত্যু হৈছিল৷ইফালে,বিগত ১ জুনৰ পৰা ২৬ জুনলৈ তিনিচুকীয়াত এক বছৰ বয়সৰ শিশু ৩৪গৰাকী, এবছৰৰ পৰা ১৮ বছৰৰ ৬৬২গৰাকী, ১৯ বছৰৰ পৰা ৪৯ বছৰলৈকে ৩৭১৯গৰাকী ক’ভিডত আক্রান্ত হৈছে৷