ভাৰতত ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীৰ সংখ্যা ২,৭১০ জনত উপনীত হৈছে । ইয়াৰে ভিতৰত ১,১৭০ জন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ।পুনৰ উভতি আহিব নেকি ক’ভিডৰ সেই বিভীষিকাময় সময় ? শেহতীয়াভাৱে দেশৰ জনসাধাৰণৰ মাজত এইলৈ চৰ্চা আৰম্ভ হৈছে । কিয়নো শেহতীয়াভাৱে দেশত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । তাৰ মাজতে পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰ আহিছে ।উল্লেখ্য যে শেহতীয়াভাৱে দেশত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বিগত ২৪ ঘণ্টাত ইয়াৰ লগত জড়িত মুঠ ৭ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ।
