সমগ্ৰ বিশ্বতে পুনৰবাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। কৰ’নাৰ বহুতো নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাই ৰাইজক এই সন্দৰ্ভত সতৰ্ক হ’বলৈ অনুৰোধ জনাইছে।আমেৰিকা, ছিংগাপুৰ, হংকং, থাইলেণ্ড আৰু ভাৰততো কৰ’না সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বহু দেশত Coronaৰ নতুন ভেৰিয়েন্ট দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ বাবে মানুহ চিন্তিত আৰু ভয় খাইছে। কিন্তু এতিয়াৰ পৰিস্থিতি যোৱাবাৰৰ দৰে ভয়াৱহ হোৱা নাই। তথাপিও সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। WHO য়ে কৈছে যে কৰ’নাৰ বহু নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। ইয়াৰ ভিতৰত NB.1.8.1, JN.1 আৰু KP.2ৰ দৰে ভিন্নতা অন্তৰ্ভুক্ত, যিবোৰ অমাইক্ৰনৰ উপ-ভেৰিয়েন্ট। বৰ্তমান চীন, আমেৰিকা আৰু কিছুমান ইউৰোপীয় দেশত NB.1.8.1 ভেৰিয়েন্ট দ্ৰুতগতিত বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ভেৰিয়েন্টে মানুহক অতি সোনকালে সংক্ৰমিত কৰে যদিও বৰ্তমান ইয়াৰ ফলত গুৰুতৰ ৰোগ বা চিকিৎসালয়ত ভৰ্তি নহয়। পৰিস্থিতি অধিক বেয়া হ’লেও অতি কম সংখ্যক ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হয়। তথাপিও বিশেষজ্ঞসকলৰ মতে ইয়াক আওকাণ কৰা উচিত নহয়, কাৰণ ভাইৰাছটোৱে কেতিয়া ৰূপ সলনি কৰিব সেয়া ক’ব নোৱাৰি।
