ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ সহকাৰী অধ্যাপক তথা ৰূপাই জোনাকী পথ নিবাসী অতি কৰ্মোদ্যমী অঙ্কশাস্ত্ৰৰ শিক্ষক উৎপল দেৱৰয়(৪৬)ৰ মৃত্যুৰ বতৰাত ডুমডুমা, ৰূপাই আৰু ডুমডুমা মহাবিদ্যালয়ৰ পৰিয়াল মৰ্মাহত হৈ পৰিছে। প্ৰাপ্ত খবৰ মতে আজি পুৱা ৯-৪৫ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ মৃত্যু ঘটে । তেওঁ মাতৃ, পত্নী, বিবাহিত জ্যেষ্ঠভগ্নী সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত ডুমডুমা মহাবিদ্যালয়ত আজি এখন শোকসভা অধ্যক্ষ ড০ প্ৰকাশজ্যোতি বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । সভাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে, তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ক্ষন্তেক মৌন প্ৰাৰ্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে । তিনিচুকীয়া জিলা সাহিত্য সভা, ডুমডুমা ৰাজহুৱা ৰঙালী বিহু সোণালী জয়ন্তী উদযাপন সমিতি, ডুমডুমা প্ৰেছ ক্লাৱ, ডুমডুমা ক্ৰীড়া সন্থা, ডুমডুমা নামঘৰ, ডুমডুমা শাখা সাহিত্য সভা, লেখিকাৰ ডুমডুমা শাখা, ৰূপাই শাখা সাহিত্য সভা, ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ সমিতি, ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ, ৰূপাই শাখা সাহিত্য সভা, ৰূপাই হাইস্কুল, সঁহাৰি, ডুমডুমা সন্মিলিত সমাজ, ৰূপাই সন্মিলিত সমাজ, ইলোৰা বিজ্ঞান মঞ্চৰ ডুমডুমা শাখা, অসম বিজ্ঞান সমিতিৰ ডুমডুমা মহাবিদ্যালয় আৰু ডুমডুমা শাখা, ডুমডুমা ৰোটাৰী ক্লাৱ, ডুমডুমা লায়ন্স ক্লাৱ, হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি বিভিন্ন সংস্থা-সংগঠনে শোক ব্যক্ত কৰিছে ।
Latest article
বাজাজ এলিয়ানজ লাইফ ইঞ্চুৰেন্সে মহিলাসকলৰ বাবে আগবঢ়াইছে বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন পলিচী
দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে একান্তভাৱে মহিলাসকলৰ বাবে এক ব্যাপক সুৰক্ষা সমাধান বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন...
ৰাণীত ফুলৰ খেতিৰে পুষ্প বিপ্লৱ আনিছে দম্পতি হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী অঞ্চলৰ এক দম্পতি ক্ৰমে - হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই বৃহত্তৰ ৰাণী অঞ্চলত ফুলৰ খেতিৰে গঢ়ি তুলিছে পুষ্প বিপ্লৱ। বছৰজুৰি...
বিহুৰ স্বকীয় পৰম্পৰাৰ সৈতে এআই চালিত উৎসৱমুখৰ উল্লাসৰ মিশ্ৰণ ছানৰাইজ স্পাইচেছৰ
আইটিচিৰ ছানৰাইজ স্পাইচেছে এই ৰঙালী বিহুত প্ৰযুক্তি-চালিত পদক্ষেপ হাতত লৈছে, এআই-চালিত ইমেজ ফিল্টাৰ মুকলি কৰিছে যিয়ে ব্যৱহাৰকাৰীক পৰম্পৰাগত অসমীয়া সাজ-পোছাকৰে চেল্ফিক সজীৱ, বিহু থিমযুক্ত...