প্ৰথম বাৰ্ষিক ট্ৰী লাইটিং চেৰিমনী উদযাপনৰ বাবে আকৰ্ষণীয় ৰূপত সজাই তোলা হয় ক’ৰ্টয়াৰ্ড বাই মেৰিয়ট শ্বিলং

390

ক’ৰ্টয়াৰ্ড বাই মেৰিয়ট শ্বিলঙে নিজৰ প্ৰথম গ্ৰেণ্ড বাৰ্ষিক লাইটিং চেৰিমনীৰ সৈতে ফেষ্টিভ ছিজন উদযাপন কৰিছে। ২০২৩ চনৰ ১০ ডিচেম্বৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে এক আনন্দময় হলীডে ছিজনৰ শুভাৰম্ভণি কৰিছিল। মেঘালয়ত খ্ৰীষ্টমাছ ট্ৰী, জিলিকি থকা লাইট, ফেষ্টিভ ডেকৰেচন(উত্সৱৰ প্ৰদৰ্শনী)ক উদযাপনৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মেঘালয় চৰকাৰৰ মুখ্য সচিব ডি পি ৱাহলাংকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মেঘালয়ৰ পৰ্যটন মন্ত্ৰী পল লিংডো আৰু ইষ্ট খাছি হিলছ জিলাৰ উপ আয়ুক্ত আৰ এম কুৰবাহেও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ এই অনুষ্ঠানত উপস্থিত থাকি গ্ৰেণ্ড খ্ৰীষ্টমাছ ট্ৰি লাইটিঙৰ বিষয়ে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ জেনেৰেল মেনেজাৰ তুষাৰ নাগৰে কয় যে, “এই অনুষ্ঠানে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে নিৰূপণ কৰা সম্প্ৰদায়ৰ সংজ্ঞা আৰু একেলগে একত্ৰিত হোৱাৰ প্ৰবল অনুভূতিৰ ওপৰত আলোকপাত কৰি সৰ্বাধিক গুৰুত্ব আৰোপ কৰে আৰু আমি আগ্ৰহেৰে ভৱিষ্যতে আমাৰ মূল্যৱান অতিথিসকলৰ সৈতে এনে অসংখ্য আনন্দময় অনুষ্ঠান উদযাপনৰ আশা কৰিছো।”

অনুষ্ঠানটো গছৰ পোহৰেৰে উজলি উঠিছিল, য’ত উপস্থিত সকলোৱে খ্ৰীষ্টমাছ ট্ৰীৰ জোনাকত আলোকিত হ’বলৈ তললৈ ৰাওনা হৈছিল। “নাইট আণ্ডাৰ দা ষ্টাৰ্ছ” নামৰ বিষয়বস্তুৱে নতুন মাত্ৰা প্ৰদান কৰিছিল, যিয়ে অংশগ্ৰহণকাৰীসকলক বাস্তৱতাক একাষত থৈ বন্ধ বা ছুটীৰ সময়ছোৱাৰ আকৰ্ষণত নিজকে নিমজ্জিত কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। এই অনুষ্ঠানে বিভিন্ন পটভূমিৰ ব্যক্তিসকলক একত্ৰিত কৰি ছুটীৰ জিলিকনিত প্ৰৌজ্বল কৰি তুলিছিল আৰু শ্বিলঙৰ নৈশ আকাশৰ তলত স্থায়ী স্মৃতিৰ সৃষ্টি কৰিছিল।