টকিঅ’ অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন। ইতিমধ্যে প্ৰতিযোগিতাখনলৈ বুলি ৰাউনা হৈছে বিভিন্ন দেশৰ খেলুৱৈ। এনে সময়তে আহিছে এক বেয়া খবৰ। টকিঅ’ অলিম্পিকস্থলীত প্ৰৱেশ কৰিছে মহামাৰী কোৰোনাই। প্ৰতিযোগিতাখনলৈ ৬ টা দিন বাকী থকাৰ সময়ত অলিম্পিকস্থলিত প্ৰথমজন কোৰোনা আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে।প্ৰতিযোগিতাখনৰ আয়োজকে জনোৱা অনুসৰি গেম ভিলেজৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনা। এই বিশেষ ব্যক্তিজনক ইতিমধ্যে গেম ভিলেজৰ পৰা উলিয়াই দিয়া হৈছে আৰু তেওঁক এখন নিৰ্দিষ্ট হোটেলত ৰখা হৈছে। মনকৰিবলগীয়া যে এই গেম ভিলেজতেই থাকিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাহাজাৰ এথলিট আৰু দলীয় মেনেজমেণ্টৰ লোকসকল।ইফালে টকিঅ’ অলিম্পিক আয়োজক কমিটিৰ মুখ্য সংগঠক চেইকো হাচিমোটোৱে জনাইছে যে, আমি যিকোনো কোভিডৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছো। উল্লেখ্য যে কোভিড মহামাৰীৰ বাবেই এবছৰ পিছুৱাই দিয়া হৈছিল টকিঅ’ অলিম্পিক প্ৰতিযোগিতা। সেয়েহে কোভিডে যাতে কোনো কাৰণতে প্ৰতিযোগিতাখনলৈ পুনৰ বিপদ কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আয়োজক কমিটিয়ে।
Latest article
১৩ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবি
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)য়ে দেওবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত জয়ৰ পথলৈ উভতি আহিবলৈ চেষ্টাৰে অবতীৰ্ণ হোৱাত প্ৰাৰম্ভিক...
২০৩১ৰ এছিয়ান কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ
অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ) শুকুৰবাৰে কয় যে তেওঁলোকে শীৰ্ষ স্তৰৰ ফুটবল প্ৰতিযোগিতা এএফচি এছিয়ান কাপ ২০৩১ আয়োজন কৰিবলৈ আগ্ৰহৰ অভিব্যক্তি দাখিল কৰিছে।সাতখন দেশৰ...
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৬৭.৭৭ কোটি টকীয়া সামুদ্ৰিক শিক্ষা প্ৰকল্পৰ, কেন্দ্ৰীয় চৰকাৰৰ আধুনিকীকৰণৰ...
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা...