দেশৰ শিক্ষাখণ্ডত এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰি এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথিখন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ মুকলি কৰা এই পাঠ্যপুথিত ন্যায়পালিকাৰ ভূমিকা সম্পৰ্কীয় এটি অধ্যায়ত ‘অনুপযুক্ত বিষয়বস্তু’ আৰু ‘বিচাৰ-বুদ্ধিৰ ভুল’ ধৰা পৰাৰ পাছতে কেন্দ্ৰীয় সংস্থাটোৱে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। মঙলবাৰে এক প্ৰেছ বিবৃতিত এনচিইআৰটি-এ এই সমগ্ৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰিছে। জানিব পৰা মতে, ২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে প্ৰস্তুত কৰা “Exploring Society: India and Beyond, Vol II নামৰ পাঠ্যপুথিখন যোৱা ২৪ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল। কিন্তু পুথিখন হাতলৈ অহাৰ পাছতে ইয়াৰ চতুৰ্থ অধ্যায়ত থকা “The Role of Judiciary in our Society” শীৰ্ষক পাঠটোত (১২৫-১৪২ পৃষ্ঠা) একাংশ তথ্য বিভ্ৰাট আৰু বিসংগতি ধৰা পৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়েও এই ভুলসমূহ লক্ষ্য কৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পুথিখনৰ বিতৰণ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। এনচিইআৰটি-এ তেওঁলোকৰ বিবৃতিত উল্লেখ কৰা মতে, ভাৰতীয় সংবিধানৰ ৰক্ষক হিচাপে ন্যায়পালিকাক তেওঁলোকে সদায় সৰ্বোচ্চ সন্মান জনাই আহিছে। তেওঁলোকে কয়, “এই ভুল সম্পূৰ্ণৰূপে অনিচ্ছাকৃত আৰু পাঠ্যপুথিত এনে অনুপযুক্ত বিষয়বস্তু অন্তৰ্ভুক্ত হোৱাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ।” তেওঁলোকে লগতে কয়, “আমাৰ উদ্দেশ্য কোনো সাংবিধানিক সংস্থাক লৈ প্ৰশ্ন কৰা বা তেওঁলোকৰ মৰ্যাদা লাঘৱ কৰা নহয়। উপযুক্ত কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই অধ্যায়টো পুনৰ লিখা হ’ব।” উল্লেখ্য যে এই সংশোধিত পাঠ্যপুথিখন ২০২৬-২৭ শিক্ষা বৰ্ষৰ আৰম্ভণিতেহে শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ হ’ব। কোনো সাংবিধানিক সংস্থাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এনচিইআৰটি-এ গ্ৰহণ কৰা এই তাৎক্ষণিক পদক্ষেপে এতিয়া দেশৰ শিক্ষা মহলত চৰ্চা লাভ কৰিছে।
