অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশনা অনুসৰি, শিৱসাগৰ জিলা কংগ্ৰেছ সমিতিৰ পৃষ্ঠপোষকতাত আৰু থাওৰা ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বৃহস্পতিবাৰে ডিমৌ চাৰিআলিত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ আৰু পেট্ৰলজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত দুঘণ্টাৰ অবস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ন কৰে কংগ্ৰেছে। তদুপৰি নিবনুৱা যুৱক-যুৱতীসকলক ৫ লাখ চাকৰি প্ৰদানৰ লগতে আন কেইবাটাও দাবী প্ৰতিবাদস্থলীৰ পৰা উত্থাপন কৰে কংগ্ৰেছে।
কংগ্ৰেছ নেতাসকলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰৰ ভুল নীতিৰ বাবেই আজি মূল্যবৃদ্ধিয়ে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ মাজত চৰম সংকট নমাই আনিছে বুলি মন্তব্য কৰে। প্ৰতিবাদী কাৰ্যসূচীত এপিচিচিৰ সভাপতি ভূপেন বৰা, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণতি ফুকন, উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ আইএনচি প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ লগতে আন কংগ্ৰেছ নেতা-কৰ্মীসকল উপস্থিত থাকে।
