ৰাজ্যৰ নিৰ্বাচনী গৰম বতাহৰ মাজতে কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দেওবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে অসমত ১৫ বছৰীয়া শাসনকালত কংগ্ৰেছে স্বাস্থ্য বাজেটৰ পৰা বছৰি প্ৰায় ১৫০ কোটি টকা আত্মসাৎ কৰিছিল। তেওঁ কয় যে পূৰ্বৰ চৰকাৰে কেৱল নিজৰ নেতাৰ পৰিয়ালৰ আৰ্থিক উন্নতিৰ বাবেহে কাম কৰিছিল আৰু ইয়াৰ ফলত ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থা শোচনীয় হৈ পৰিছিল।
কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি অমিত শ্বাহে কয়, “দহ বছৰ পূৰ্বে অসমৰ স্বাস্থ্য ব্যৱস্থা একেবাৰে ধ্বংসপ্ৰায় আছিল। কংগ্ৰেছে দেশৰ গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ সদনকো অপমান কৰি আহিছে। সংসদৰ চিৰিত বহি চাহ-পকোৰা খোৱা বা অদ্ভুত প্ৰতিবাদ সাব্যস্ত কৰাটো কোনো দায়িত্বশীল কাম নহয়।” ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ লগতে অভিযোগ কৰে যে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰিবলৈ গৈ কংগ্ৰেছ নেতাজনে বিদেশত দেশক বদনাম কৰিছে।
ইফালে, ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ লক্ষ্যৰে গৃহমন্ত্ৰীগৰাকীয়ে আজি ২,০৯২ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত গুৱাহাটীত নিৰ্মাণ কৰা ৬৭৫ কোটি টকাৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ উদ্বোধন অন্যতম। ইয়াৰ উপৰিও তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে গোলাঘাট আৰু তিনিচুকীয়াত দুটাকৈ কেন্সাৰ কেয়াৰ চেণ্টাৰ মুকলি কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিক প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান অসমৰ চিকিৎসা সেৱা গুজৰাট, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দৰে উন্নত ৰাজ্যৰ সৈতে তুলনীয় হৈ পৰিছে। তেওঁ গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া ২১৮ কোটি টকাৰ স্বাস্থ্য ভৱন আৰু অভয়াপুৰীত ১১৫ কোটি টকাৰ জিলা চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰে।
উন্নয়নৰ ধাৰা অব্যাহত ৰাখি শ্বাহে ডিফু, যোৰহাট আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কেইবাশ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰো কাম আৰম্ভ কৰে। যোৱা চাৰি মাহত চতুৰ্থবাৰৰ বাবে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।
