আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত কাৰ বিৰুদ্ধে কাক নমাব, তাক লৈ এক জটিল অংকত ব্যস্ত হৈ পৰিছে দেশৰ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ। শুকুৰবাৰে জুমযোগে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত দলটোৱে ৪৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা চূড়ান্ত কৰিছে যদিও বিজেপিয়ে কাৰ্ড নোখোলা পৰ্যন্ত নিজৰ তালিকা ঘোষণা নকৰাৰ কৌশল গ্ৰহণ কৰিছে দলটোৱে। দলীয় সূত্ৰৰ মতে, বৰ্তমানৰ বেছিভাগ বিধায়ককে পুনৰ সুযোগ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে যদিও বিৰোধীৰ চাল চাইহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
প্ৰায় ১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা কংগ্ৰেছৰ ভিতৰচ’ৰাত এতিয়া মিত্ৰজোঁটৰ আসন ভাগ-বতৰাক লৈ সৃষ্টি হৈছে জুই। বিশেষকৈ সৰুপথাৰ আৰু ভৱানীপুৰ-সৰভোগ সমষ্টি মিত্ৰদলক এৰি দিয়াৰ প্ৰস্তাৱে তৃণমূল কৰ্মীসকলক ক্ষুব্ধ কৰি তুলিছে। ইয়াৰ পৰিণতিতে গোলাঘাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক দলীয় কৰ্মীয়ে ঘেৰাও কৰাৰ দৰে অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিল।
কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ এই বৈঠকত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰাৰ্থিত্বৰ বিষয়টোৱেও বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীৰ শেষৰ ফালে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই অসম ভ্ৰমণ কৰি প্ৰাৰ্থী নিৰ্বাচনৰ বাবে যি বিশেষ পৰামৰ্শ দিছিল, তাৰ ওপৰতে ভিত্তি কৰি নতুনকৈ গঠন হোৱা বিন্নাকান্দি আৰু খোৱাং সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম চৰ্চা কৰা হৈছে। এপ্ৰিল মাহত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে এতিয়া মিত্ৰদলৰ সৈতে থকা আসনৰ কন্দল আৰু দলীয় বিদ্ৰোহ কেনেদৰে দমন কৰে, সেয়া কংগ্ৰেছ হাই কমাণ্ডৰ বাবে এক ডাঙৰ পৰীক্ষা হ’ব।
