পুনৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছক গো মাতা কোৰবানী দিয়া সন্দৰ্ভত মাত মতাৰ সাহস নাই বুলি কয়।সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে, “মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পাৰো। কোৰবানীৰ ওপৰত তেওঁলোকৰ মাত মতাৰ সাহস নাই। বিজেপিয়ে গৰুৰ কোৰবানীক মান্যতা নিদিয়ে। সেয়ে আমি ক’ব পাৰো যে, অহাবাৰ গৰু নহয় , ছাগলীৰ কোৰবানী দিয়ক। আমাৰ সাহস আছে, কংগ্ৰেছৰ নাই। এনেকৈ কবৰ বাবে কংগ্ৰেছক ৭ জনম লাগিব”।মুখ্যমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছক গো মাতা কোৰবানী দিয়া সন্দৰ্ভত মাত মতাৰ সাহস নাই বুলি কয়। ইছলামিক প্ৰথাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুক্তি আগবঢ়ায় যে ইছলামৰ অধীনত গৰু বলি দিয়াটো বাধ্যতামূলক নহয়। তেওঁ লগতে কয়, কোৰবানী আন জীৱ-জন্তুৰও হ’ব পাৰে।বিজেপিয়ে মানুহক আহ্বান জনোৱাৰ সাহস কৰে যে — পৰৱৰ্তী ঈদত অনুগ্ৰহ কৰি গৰু নহয়, ছাগলী এটা আগবঢ়াওক। ইয়াৰোপৰি মন্দিৰ, নামঘৰ, ৰাজহুৱা স্থানৰ ওচৰত গো-মাংস বিক্ৰী হোৱা বিষয়টোত কংগ্ৰেছে মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে শৰ্মাই।
