গ্ৰীস্মকালীন নাট কৰ্মশালাৰ সামৰণি

115

বৰপেটা বিধান সভা সমষ্টি ভিত্তিক পোন্ধৰ দিনীয়া  গ্ৰীস্মকালীন   নাট কৰ্মশালা  আজি সামৰণি পৰে   ৷বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত  অনুষ্ঠিত হোৱা  গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত  উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়াই৷ ভাষণ প্ৰসংগত মৌচুমী চেতিয়াই বৰপেটা   এখন সংস্কৃতিৰ বৰপীঠ বুলি উল্লেখ কৰে ৷এই কৰ্মশালাত যোগদান কৰা  প্ৰশিক্ষাৰ্থী সকলে অতি কম সময়ৰ ভিতৰত কিছু হলেওঁ শিকিব পাৰিছে৷

নাট্যকাৰ ,অভিনেতা ,পিনাকৰ সভাপতি উৎপল কুমাৰ দাসে আঁত ধৰা সামৰণি  অনুষ্ঠানত  বৰপেটাৰ জ্যেষ্ঠ অভিনেতা ,পৰিচালক চিন্ময় দাসেও ভাষণ দি নিজে পঞ্চাশ বছৰ নাটকৰ লগত জড়িত হৈ থাকিওঁ এই সংস্কৃতিৰ আজিওঁ ছাত্ৰ বুলিহে বিশ্বাস কৰে৷ সামৰণি অনুষ্ঠানত পিনাকৰ প্ৰাক্তন সভাপতি  তথা বৰপেটা প্ৰেছ ক্লাবৰ সভাপতি  মহানন্দ পাঠকে  পিনাকৰ জন্মলগ্নৰ কিছু তথ্য অৱগত কৰে৷

এই কৰ্মশালাত অংশ গ্ৰহণ কৰা  বত্ৰিশ গৰাকী শিশু আৰু কিশেৰ কিশোৰীক মান পত্ৰ প্ৰদান কৰে৷ এই গ্ৰীস্মকালীন নাট  কৰ্মশালাত  প্ৰশিক্ষক হিচাপে উপস্থিত  আছিল  চিন্ময় কুমাৰ দাস ,লিয়াকৎ আলী,,  নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ৰাজু  ৰয় ,নিৰ্মল দাস ,শান্তনু দাস  ,নিতুল পাটোৱাৰী , প্ৰশান্ত জ্যোতি দাস ,অজিত কুমাৰ দাস , ৰমেন দাস  ,গুনীন্দ্ৰ নাথ নবিশ উৎপল কুমাৰ দাস আৰু হেমাংগ ৰায় চৌধুৰীয়ে৷