গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছএছ কোষ আৰু অসম আৰক্ষীৰ যৌথ সহযোগিতাত ৩ ডিচেম্বৰত বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত ডিজিটেল সুৰক্ষাৰ ক্ষেত্ৰত দক্ষতা বিকাশত অধিক গুৰুত্ব প্ৰদান কৰাৰ লক্ষ্যৰে ‘Cyber Hygiene Internship Programme’ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই কয় যে, “ডিজিটেল যুগত চাইবাৰ সুৰক্ষা সচেতনতা কোনো বিকল্প নহয়, ই আৱশ্যকীয়।
শিক্ষাৰ্থীসকলক ডিজিটেল যুগত সতৰ্ক, জ্ঞানসমৃদ্ধ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াটো প্ৰয়োজনীয়। এই ধৰণৰ কাৰ্যসূচীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষামূলক দৃষ্টিভংগীক অধিক আধুনিক, সক্ষম আৰু সময়োপযোগী কৰি তুলিব বুলি আশা কৰিব পাৰি। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণী সমূহৰ সচিব ডঃ হেমন্ত কুমাৰ নাথ, অসম আৰক্ষীৰ মহা পৰিদৰ্শক বিবেক ৰাজ সিঙে ভাগ লৈ কাৰ্যসূচী সন্দৰ্ভত ভাষণ প্ৰদান কৰি কয় যে ডিজিটেল যুগত সুৰক্ষা মানে কেৱল প্ৰযুক্তিৰ ব্যৱহাৰ নহয়, ই হৈছে সচেতনতা আৰু দায়িত্ববোধৰ পৰিচয়।
অনুষ্ঠানত অসম আৰক্ষীৰ চি আই ডি শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাঞ্জলি দলে , ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ পৰামৰ্শ দাতা শিখৰ দ্বিবেদী আৰু শালিনী ৰাথোৰ , গুৱাহাটী মহানগৰ আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাৰ সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসকে ধৰি কেবাজনো বিশেষজ্ঞ উপস্থিত থাকে। বিশেষজ্ঞসকলে চাইবাৰ চিকিউৰিটীৰ বিভিন্ন দিশ তথা সেইবোৰৰ পৰা কেনেকৈ নিজকে নিৰাপদ ৰাখিব পাৰি নিজৰ দৈনন্দিক জীৱনত চলিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ ২৫০ জনতকৈ অধিক অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
